নিউজ ডেস্ক: AIMIM দলৰ চীফ সাংসদ আছাদুদ্দিন ওৱেছিৰ কনভয়ৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে উত্তৰ-প্ৰদেশৰ মেৰটত নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীলৈ আহি থকা সময়ত ওৱেছিৰ কনভয়ৰ ওপৰত কেইগৰাকীমান লোকে গুলীচালনা কৰিছিল বুলি সাংসদ গৰাকীয়ে দাবী কৰিছিল।

যোৱা নিশা সাংসদ গৰাকীয়ে টুইটাৰত দিয়া ভিজুৱেলত তেওঁৰ বগা ৰঙৰ SUV খনত আঘাত কৰা দুটা গুলীৰ চিন দেখা যায়, তৃতীয়টো গুলীয়ে বাহনখনৰ টায়াৰত আঘাত কৰে। সাংসদ গৰাকীয়ে জনোৱা মতে তেওঁ নিজৰ কোনো ক্ষতি নোহোৱাকৈ আন এখন গাড়ীত তাৰ পৰা পলায়ন কৰে।

ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এই পৰ্য্যন্ত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰে এজনক নয়ডাৰ বাসিন্দা শচীন আৰু আনজনক ছাহাৰানপুৰৰ বাসিন্দা শুভম বুলি চিনাক্ত কৰা হৈছে। নিজকে এটা সোঁপন্থী হিন্দু সংগঠনৰ সদস্য বুলি চিনাকী দিয়া শচীনৰ ইয়াৰ পূৰ্বেও হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ আছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

অৱশ্যে আন গৰাকী অভিযুক্ত শুভমৰ বিৰুদ্ধে অপৰাধৰ কোনো ৰেক’ৰ্ড নাই।

আৰক্ষীয়ে জনোৱা মতে ওৱেছিয়ে ‘এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কৰা মন্তব্যই তেওঁলোকক অসন্তুষ্ট কৰিছিল’ বুলি দুই অভিযুক্তই প্ৰাৰম্ভিক জেৰাত স্বীকাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা কিছুদিন পূৰ্বে কিনা দেশত নিৰ্মিত পিষ্টল উদ্ধাৰ কৰে।

দুয়োগৰাকীকে আজি আদালতত হাজিৰ কৰাই আৰক্ষীয়ে তদন্তৰ বাবে নিজৰ জিম্মাত ল’ব বুলি জানিবলৈ দিছে।

লগতে পঢ়ক – NEET PG পৰীক্ষাৰ দিন পিছোৱাৰ সিদ্ধান্ত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply