নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ নংচৰামত বুধবাৰে নিশা সংঘটিত হোৱা শোকাবহ বাছ দুৰ্ঘটনাৰ চালকসহ আন এজন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাত মৃতকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পায়। মাজ নিশা প্ৰায় ১১.৫৫ বজাত তুৰাৰ পৰা শ্বিলং অভিমুখী নৈশ বাছ দূৰ্ঘটনা সংঘটিত হৈছিল।

দুর্ঘটনাৰ পিছতে মুঠ ৬ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ১৫ জন যাত্ৰীক আহত অৱস্থাত উদ্ধাৰ কৰি তুৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে বাছখন দলঙৰ তলত থকা ৰিংদি নদীৰ পৰা উদ্ধাৰৰ বাবে আৰক্ষীয়ে অভিযান চলাই বাছখনৰ ভিতৰৰ পৰা চালক ডাবৰলাং ওৱাংখাৰৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন এজন যাত্ৰী লাৰছেন মাৰাকৰ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়ক :  দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চৰাঞ্চলত দুমাহজোৰা নাওঁ খেলৰ সামৰণি

বাছখনত চালকসহ ২৩ গৰাকী যাত্ৰী থকা বুলি জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে নিশ্চিত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে বাছখন উদ্ধাৰ কৰিছে। আহত সকল তুৰা অসামৰিক চিকিৎসালয়ত চিকিতসাধীন হৈ আছে যদিও তেওঁলোক সংকটমুক্ত বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply