নিউজ ডেস্কঃ ধৰ্ষণৰ অভিযোগত দুই যুৱকক জীৱন্তে জ্বলাই দিলে গাওঁবাসীয়ে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমলা জিলাৰ বসুৱা গাঁৱত। ইতিমধ্যে সুনীল ওৰাও নামৰ এজন অভিযুক্তৰ মৃত্যু ঘটিছে আৰু আশীষ কুমাৰ নামৰ আনজন অভিযুক্ত মৃত্যুৰ সৈতে যুঁজ দি আছে।
জানিব পৰা মতে, বুধবাৰে নিশা এগৰাকী যুৱতীক সুনীল আৰু আশীষ নামৰ দুই যুৱকে বলপূৰ্বক ধৰ্ষণ কৰিছিল। এই ঘটনাৰ পিছতেই উত্তেজিত হৈ পৰে গাঁওবাসী। যুৱতীগৰাকীৰ পৰিয়ালৰ লোক আৰু গাঁওখনৰ কেইজনমানলোকে দুই অভিযুক্তক কৰায়ত্ত কৰি মাৰপিট কৰি জীৱন্তে জ্বলাই দিয়ে।
ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হোৱালৈকে এজন অভিযুক্তৰ গোটেই শৰীৰটো জ্বলি গৈছিল আৰু মৃত্যু ঘটিছিল। আনজনক আৰক্ষীয়ে কোনোমতে উদ্ধাৰ কৰি ৰাজেন্দ্ৰ ইনষ্টিটিউত অৱ মেডিকেল চায়েন্সলৈ লৈ যায়। তেওঁৰো শৰীৰৰ বেছি অংশই জ্বলি গৈছিল। বৰ্তমান আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকা সকলৰ অনুসন্ধানত তদন্ত চলাই আছে।