নিউজ ডেস্কঃ ভাতৃ-ভগ্নীৰ সম্পৰ্ক এক পবিত্ৰ সম্পৰ্ক। এই সম্পৰ্কক কলুষিত কৰি নিজ ভগ্নীক ধৰ্ষণ কৰিলে দুই যুৱকে। মধ্যপ্ৰদেশৰ ৰেৱাত সংঘটিত হৈছে এই ঘটনা। দুই ভাতৃয়ে মাজনিশা শোৱাপাটীৰ পৰা ভগ্নীক উঠাই নি কাষৰে পথাৰত নি উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ বলী হোৱা কিশোৰীগৰাকী বয়স ১৭বছৰ।
কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোক উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে। কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি আৰক্ষীথানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুই অভিযুক্ত মুৰাত যাদৱ আৰু মুকেশ যাদৱক গ্ৰেপ্তাৰ কৰিছে।
এই ধৰ্ষণকাণ্ডই ৰেৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ লোকে জনোৱা মতে, দলবদ্ধ ধৰ্ষণৰ লগত জড়িত কিশোৰীগৰাকীৰ এজন ভাতৃ এদিন পূৰ্বে নাগপুৰৰ পৰা নিজ ঘৰলৈ আহিছিল। অভিযুক্তই পূৰ্বেই এই কুঅভিসন্ধিৰ পৰিকল্পনা কৰিছিল।