নিউজ ডেস্ক: ন্যায়াধীশ উদয় উমেশ ললিত হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ। আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই উমেশ ললিতৰ নাম তেওঁৰ উত্তৰাধীকাৰীৰূপে আনষ্ঠানিকভাৱে অনুমোদন জনাই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে৷

অহা ২৬ আগষ্টত মুখ্য ন্যায়াধীশ ৰামানাই অৱসৰ গ্ৰহণ কৰিব৷ ইয়াৰ পিছদিনা, অৰ্থাৎ ২৭ আগষ্টত ন্যায়াধীশ ললিতে দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে, অহা ৮ নৱেম্বৰত ৬৫ বছৰ বয়য়ত অৱসৰ গ্ৰহণ কৰিব লগীয়া ন্যায়াধীশ ললিত মাত্ৰ ৭৪ দিনৰ বাবেহে মুখ্য ন্যায়াধীশৰ পদত থাকিব।

যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মুখ্য ন্যায়াধীশ ৰামানলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ উত্তৰাধিকাৰীৰ নাম জনাবলৈ অনুৰোধ জনাইছিল৷ ৰামনাই উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ উদয় উমেশ ললিতক তেওঁৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব অৰ্পণ কৰে আৰু ব্যক্তিগতভাৱে তেওঁৰ উত্তৰাধিকাৰীৰ পত্ৰৰ প্ৰতিলিপি হস্তান্তৰ কৰে।

বৰ্তমান উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰামানাৰ পাছতে সৰ্বজ্যেষ্ঠ ন্যায়াধীশ ললিতে ১৯৮৫ চনলৈকে ব’ম্বে উচ্ছ ন্যায়ালয়ত ওকালতি কৰিছিল৷

ইয়াৰ পাছৰ বছৰ তেওঁ দিল্লীলৈ আহে৷ ২০১৪ চনত তেওঁক উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্ত কৰা হয়৷ ন্যায়াধীশ ললিতে তিনি তালাক প্ৰথা অবৈধ বুলি ৰায় দিয়াৰ লগতে কেইবাটাও ঐতিহাসিক ৰায়দান কৰিছিল৷

২০২১ চনৰ ২৪ এপ্ৰিলত এছ এ ববডেৰ পৰা ভাৰতীয় ন্যায়পালিকাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰা ভাৰতৰ ৪৮ তম মুখ্য ন্যায়াধীশ ৰমনাই ১৬ মাহৰ অধিক কাৰ্যকালৰ পিছত ২৬ আগষ্টত অৱসৰ ল’ব।

লগতে পঢ়ক – প্ৰসিদ্ধ নৃত্যশিল্পী গৰিমা হাজৰিকাৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply