নিউজ ডেস্কঃ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছত বিজেপিৰ সংসদীয় নেতা দেৱেন্দ্ৰ ফাড়নাভিছে মুম্বাইলৈ উভতি আহি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীক সাক্ষাৎ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক অহা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ সন্মুখীন হ’বলৈ ৰাজ্যপালে নির্দেশ দিয়ে।
মঙলবাৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটক লৈ ৰাজহুৱা স্থিতি লোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় বিজেপি। মঙলবাৰে নিশা ৰাজভৱনৰ পৰা ওলাই আহি দেৱেন্দ্ৰ ফাড়নাভিছে কয় যে, “শিৱসেনাৰ ৩৯ জন বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে।” দুই এজন নিৰ্দলীয় বিধায়কেও একেই সিদ্ধান্ত ঘোষণা কৰিছে। স্পষ্টভাৱে এইখন চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে৷ গতিকে আমি ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি আস্থা ভোটৰ দাবী জনালোঁ।”
দেৱেন্দ্ৰ ফাড়নাভিছক সাক্ষাৎ কৰাৰ পাছতে ৰাজ্যপালে বৃহস্পতিবাৰে পুৱা ১১ বজাত বিধানসভা সচিবালয়ক বিশেষ অধিৱেশন আহ্বান কৰিবলৈ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে। লগতে উদ্ধৱ থাকৰেক আস্থা ভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিয়ে। লগতে আস্থা ভোটৰ এই কাৰ্যসূচী পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিবলৈও নিৰ্দেশ দিয়ে।
মাত্ৰ ৪৮ ঘণ্টাৰ জাননীত আস্থা ভোটৰ বাবে ৰাজ্যপাল কোশিয়াৰীয়ে দিয়া নিৰ্দেশক লৈ ইতিমধ্যে প্ৰশ্নৰ উত্থাপন হৈছে। দুবছৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক ৰাজ্যৰ ৰাজ্যপাল তথা বিজেপিৰ প্ৰাক্তন নেতা কালৰাজ মিশ্ৰই একেধৰণৰ পৰিস্থিতিত ক্ষিপ্ৰ আস্থা ভোট ল’বলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই গেহলটে ৰাজ্যপালক কয় যে সংসদীয় নিয়ম অনুসৰি বিধানসভা আহ্বান কৰাৰ পূৰ্বে ২১ দিনৰ জাননীৰ প্ৰয়োজন। এই ক্ষেত্ৰত আন এজন প্ৰাক্তন বিজেপি নেতা ভগত সিং কোশিয়াৰীৰ নিৰ্দেশনাক উদ্ধৱ থাকৰে কি কৰিব সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে।