নিউজ ডেস্কঃ ব্রিটেইনৰ ঔষধ নিয়ন্ত্রকে ফাইজাৰ আৰু বায়’এনটেকে প্ৰস্তুত কৰা কভিড-১৯ প্রতিষেধক ১২ৰ পৰা ১৫বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিষয়টোত অনুমোদন জনাইছে।
আমেৰিকা আৰু ইউৰোপীয় সংঘইও ইতিমধ্যে এই বিষয়টোত অনুমতি প্রদান কৰিছে।
আমেৰিকাত ১২-১৫ বয়সৰ শিশুক প্ৰতিষেধক দিয়া আৰম্ভ কৰা হৈছে।
আৰু পঢ়কঃযোৱা ২ মাহৰ ভিতৰত সৰ্বনিম্নলৈ নামিল দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা
এই মাহতে ফ্ৰান্স আৰু জাৰ্মানীতো উক্ত প্ৰতিষেধক প্ৰদান আৰম্ভ কৰা হ’ব। এতিয়া ব্ৰিটেইনৰ স্বাস্থ্য আৰু সামাজিক যতন বিভাগে দেশখনৰ ভেকচিনেশ্যন আৰু ইমিউনাইজেশ্যন যুটীয়া কমিটীৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে।