নিউজ ডেস্কঃ পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বুলি ক’লে সাধাৰণতে মানুহৰ মনলৈ এলন মাস্ক, জেফ বেজছ, মাৰ্ক জুকাৰবাৰ্গৰেই নাম প্ৰথমে আহে। কিন্তু এগৰাকী ব্ৰিটেইনৰ ইউটিউবাৰে এটা ভিডিঅ’ নিজৰ চেনেলত প্ৰায় ৮.৩০ মিনিটৰ এটা আপলোড কৰে আৰু এক প্ৰকাৰে এলন মাস্কক ফেৰ পেলাই বিশ্বৰ ভিতৰতে সৰ্বাধিক ধনী বুলি কয়।

দৰাচলতে, ব্ৰিটেইনৰ ইউটিউবাৰ মেক্স ফোশ্বে এটা ভিডিঅ আপলোড কৰে, য’ত ৫.৭৫ লাখৰো অধিক লোকে চাইছে। ভিডিঅটোত মেস্কে কয়- ‘যদি মই প্ৰায় ১০ আৰব শ্বেয়াৰৰ এটা ‘অনলিমিটেড মানী লিমিটেড’ নামৰ কোম্পানী বনাও আৰু তাক পঞ্জীয়ন কৰো, লগতে প্ৰতিটো শ্বেয়াৰ ৫০ পাউণ্ডত যদি বিক্ৰী কৰো তেন্তে মোৰ কোম্পানীৰ মূল্য চাবলৈ গ’লে ৫০০ আৰব পাউণ্ড হ’ব। তাৰপাছত মই এলন মাস্কক পিচ পেলাই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ হৈ যাম।’

উল্লেখ্য যে, সাধাৰণতে ইংলেণ্ডত নতুন কোম্পানী এটা পঞ্জীয়ন কৰিবলৈ দুদিনৰ প্ৰয়োজন হয়। কিন্তু মেক্সৰ কোম্পানী ‘আনলিমিটেড মানী লিমিটেড’ৰ আৱেদন কৰাৰ কিছু সময় পাছতে পঞ্জীয়ন সম্পূৰ্ণ হয়। ইমান সোনকালে কোম্পানীৰ পঞ্জীৱন কৰাৰ বাবে ইউটিউবাৰ গৰাকীয়ে কোম্পানীৰ প্ৰমাণপত্ৰ সকলোকে ছচিয়েল মিডিয়াত দেখুৱায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply