বৰিছ জনছন-কেৰী ছাইমণ্ডছ

কোৰোনাৰ মাজতে তৃতীয়বাৰৰ বাবে বিয়াত বহিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন । প্ৰেয়সী কেৰী ছাইমণ্ডছৰ সৈতে গোপনে আৱদ্ধ হ’ল বিবাহ পাশত। কেৰী ছাইমণ্ডছ বৰিছ জনছনকৈ ২৩ বছৰে সৰু। প্ৰধানমন্ত্ৰী জনছন আৰু কেৰীৰ বিয়াত দুয়োৰে পৰিয়ালবৰ্গ আৰু কম সংখ্যক ঘনিষ্ঠ বন্ধু উপস্থিত আছিল ।

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইংলেণ্ডতো এতিয়া বিবাহত ৩০ জন অতিথিহে অনুমতি দিয়া হৈছে। জনছনৰ প্ৰথমা পত্নী আছিল এলেগ্ৰা ম’ষ্টিন অ’ভেন। এলেগ্ৰাৰ সৈতে বিবাহ বিচ্ছেদ কৰি জনছনে মৰিনা হুইলাৰ নামৰ এগৰাকী অধিবক্তাক বিয়া কৰাইছিল। জনছন আৰু ম’ৰিনাৰ আছে ৪টি সন্তান।
২০১৯চনত ব্ৰিটেইন প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা জনছনৰ সৈতে একেলগে থাকবলৈ লৈছিল কেৰী ছাইমণ্ডছে। বিগত বৰ্ষত প্ৰধানমন্ত্ৰী জনছন আৰু কেৰীৰ মাজলৈ এটিপুত্ৰ সন্তানো আহিল। পূৰ্বৰ খবৰ অনুসৰি দুয়োজনে ২০২২ চনত বিয়াত বহিব বুলি কোৱা হৈছিল। কিন্তু দুয়ো এনেদৰে বিবাহ পাশত আবদ্ধ হয় ।

লগতে পঢ়ক টীয়কত এটা লিচুৱে প্ৰাণ ল’লে ১৬ বছৰীয়া যুৱতীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply