নিউজ ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমীৰ জেলেন্সকীয়ে পুনৰ কয় যে, তেওঁ কোনো ভয় নকৰাকৈ দেশখনৰ ৰাজধানী কীৱত আছে। ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে অধিক আক্ৰাত্মক হৈ উঠা সময়ত এইদৰে মন্তব্য কৰে।
ৰাষ্ট্ৰপতি জেলেন্সকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আপলোড কৰিছে। এই ভিডিঅ’টোত জেলেন্সকীয়ে কয়- ‘মই কীৱত আছো। বনকোভা ষ্ট্ৰীটত। মই লুকাই থকা নাই আৰু মই কাকো ভয় নকৰো।’
উল্লেখ্য যে, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ প্ৰায় ১২ দিন সম্পূৰ্ণ হৈছে। ৰাছিয়াৰ সেনা বাহিনীয়ে ইউক্ৰেইন পশ্চিম আৰু উত্তৰ দিশেৰে ৰাজধানী কীৱত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে।
ইফালে, ৰাছিয়াই সোমবাৰে ঘোষণা কৰিছিল যে, ইউক্ৰেইনত যু্দ্ধবিধ্বস্ত চহৰসমূহৰ পৰা নাগৰিকসকলক উলিওৱাৰ বাবে সুৰক্ষিত মানৱ কৰিডৰৰ ব্যৱস্থা কৰা হৈছে।
আনহাতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে অভিযোগ কৰে যে – প্ৰাণৰক্ষাৰ বাবে পলাবলৈ চেষ্টা কৰা নিৰীহ নাগৰিকৰ ওপৰত ৰাছিয়ান সেনাই আক্ৰমণ চলাইছে।