ৰাছিয়ান সেনাৰ মেজৰ জেনেৰেল ৱিটালি গেৰাছিমভৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনে । খাৰকিভ চহৰৰ সীমান্তত ইউক্ৰেইন সেনাৰ আক্ৰমণত মৃত্যু হৈছে ৰুছ সেনাৰ মাজৰ জেনেৰেলজন ।
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত কালি অনুষ্ঠিত হোৱা তৃতীয়লানি বৈঠক বিফল হয় । বেলাৰুছত অনুষ্ঠিত বৈঠকত ইউক্ৰেইনে দেশখনৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা নাগৰিকসকলক উদ্ধাৰৰ বাবে ‘মানৱ কৰিডৰ’ প্ৰস্তাৱ ইঊক্ৰেইনে সহমত প্ৰকাশ নকৰিলে ।
ভাৰতে দুয়োখন দেশকে মানৱ কৰিডৰ’ বনাই দেশখনত থকা সাধাৰন নাগৰিক সকলক উদ্ধাৰ কৰা বিষয়টো মানিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে দুয়োপক্ষকে এই ক্ষেত্ৰত সহমত পোষন কৰিব লাগে বুলি কয়।
ৰাছিয়াৰ যুদ্ধবিৰতি মানি নলয় ইউক্ৰেইনে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ অনুৰোধত ৰাছিয়াই আৱদ্ধ অসামৰিক লোকৰ প্ৰতি মানৱীয় দৃষ্টিভংগী ৰাখি যুদ্ধবিৰতি ঘোষণা কৰিছিল যদিও ইউক্ৰেইনে যুদ্ধবিৰতি মানি নোলোৱাত অনিশ্চিত হৈ পৰিছে উদ্ধাৰ অভিযান।
ইউক্ৰেইনৰ ছুমীত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰত পুনৰ জটিলতা আহিছে৷ সীমান্তলৈ উলিয়াই আনিবলৈ বাছত উঠাই পুনৰ নমাই দিয়া হ’ল শিক্ষাৰ্থীসকলক৷ ইউক্ৰেইনৰ ঘোষণা- আমি ৰাছিয়াৰ যুদ্ধবিৰতি মানি লোৱা নাই৷