ইউক্ৰেইনত বৰ্তমানে সুৰক্ষিত অসমৰ ছাত্ৰ সকল । ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ ৰাচিয়া আৰু আমেৰিকা সহ ইউৰোপীয়ান দেশসমূহৰ মাজত সংঘাত আৰম্ভ হৈছে।

ৰাছিয়াই ইউক্ৰেইনৰ দুখন প্ৰদেশক স্বাধীন দেশ হিচাপে ঘোষণা কৰা ঘটনাক লৈ ভাৰতে ৰাছিয়াৰ পদক্ষেপক উদ্বেগ প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত থকা ভাৰতৰ প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয় যে, ইউক্ৰেইন আৰু ইয়াৰ সীমান্ত অঞ্চলত ছাত্ৰ-ছাত্ৰীসহ ২০,০০০ তকৈও অধিক ভাৰতীয় বাস কৰে ভাৰতীয়সকলৰ সুৰক্ষাই আমাৰ প্ৰাথমিকতা বুলি কয়।

চহৰত যুদ্ধ সদৃশ পৰিবেশে বিৰাজ কৰিছে যদিও বৰ্তমানেও সুৰক্ষিত অৱস্থাত আছে অসমৰ ছাত্ৰ সকল ৷ অসমৰ সাংবাদিকৰ সৈতে ভিডিঅ’ যোগে হোৱা কথা বতৰাত অসমৰ ছাত্ৰ কাশ্যপ পিনাকী ৰঞ্জনে সকলো নিৰাপদে থকাৰ কথা ব্যক্ত কৰিছে ।

YouTube video

ইউক্ৰেইনৰ চুমি ষ্টেট ইউনিভাৰচিটিত MBBS ত অধ্যয়ণৰত হৈ আছে নগাঁৱৰ দক্ষিণপাটৰ শশী প্ৰসাদ শৰ্মা আৰু ধীৰুমণি শৰ্মাৰ একমাত্ৰ সন্তান কাশ্যপ পিনাকী ৰঞ্জন ৷ পিতৃ মাতৃৰ লগত সঘনে যোগাযোগ কৰি আছে পুত্ৰই ।

ইউক্ৰেইনত থকা একমাত্ৰ সন্তান কাশ্যপ পিনাকী ৰঞ্জনে সুৰক্ষিত হৈ থকা কথা ফোন আৰু ভিডিঅ যোগে জনোৱাত নিশ্চিত হয় পিতৃ মাতৃ । আনহাতে ইউক্ৰেইনত থকা অসমৰ সকলো ছাত্ৰ-ছাত্ৰী বৰ্তমানে ইউক্ৰেইনত সুৰক্ষিত হৈ থকা কথা ভিডিঅ’ যোগে জনালে কাশ্যপ পিনাকী ৰঞ্জনে ।

মঙ্গলবাৰে পুৱা ইউক্ৰেইন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানত ইউক্ৰেইনত আবদ্ধ আবদ্ধ হৈ থকা ২৪২ জন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে নিশা প্ৰায় ১১.৪৫ বজাত দিল্লীৰ ইন্দিৰাগান্ধী বিমানবন্দৰত অৱতৰণ কৰে।
কিয়েভৰ পৰা দিল্লীলৈ চাৰিখন বিমান ২৫ ফেব্ৰুৱাৰী, ২৭ ফেব্ৰুৱাৰী আৰু ৬ মাৰ্চত চলিব।

লগতে পঢ়ক- মৰাণত আৰক্ষীৰ এনকাউণ্টাৰত দুধৰ্ষ অপৰাধী গুলিবিদ্ধ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply