অন্ত পৰা নাই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পিছতে ৰুছ আক্ৰমণক প্ৰতিহত কৰাৰ যুঁজত নামি পৰিছে ইউক্ৰেইনীয় সেনা। ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত অদ্যপি ইউক্ৰেইন দখল কৰিব পৰা নাই শক্তিশালী ৰুছ সেনাই।
যুদ্ধৰ এনে দাবানলৰ মাজতে ইউক্ৰেইনে মস্কোৰ অধীনস্থ ডনেটস্কৰ অঞ্চলৰ এক শিবিৰত ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰিছে। ইউক্ৰেইনৰ এই আক্ৰমণত শিবিৰটোত নিয়োজিত ৬৩ গৰাকী ৰুছ সৈনিকৰ মৃত্যু হোৱা বুলি ৰাছিয়াই দাবী কৰে।
যোৱা বৰ্ষৰ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ বাহিনীৰ ওপৰত এই আক্ৰমণ ইউক্ৰেইনৰ অন্যতম বিধ্বংসী আক্ৰমণ হিচাপে পৰিগণিত হৈছে। জানিব পৰা মতে নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিব পৰা এই শক্তিশালী অস্ত্ৰ-শস্ত্ৰ আমেৰিকাই যোগান ধৰিছে।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ইউক্ৰেইনে মুঠ ছটা ৰকেট নিক্ষেপ কৰে। এই ৰকেট আক্ৰমণৰ ফলত শিবিৰটোত জমা হৈ থকা গোলাবাৰুদৰ বিস্ফোৰণ ঘটে আৰু ইয়াৰ ফলত এইদৰে বহু সংখ্যক লোকে শোকাৱহভাৱে মৃত্যুক সাবটিবলগীয়া হয়।
ইফালে কিয়েভত ৰাছিয়াৰ আক্ৰমণ নৱবৰ্ষৰ প্ৰাৰম্ভিক সময়তে বিধ্বংসী হৈ পৰিছে। সোমবাৰে ৰাছিয়াই কিয়েভক লক্ষ্য কৰি ৪০ টাতকৈও অধিক ড্ৰ’ন নিক্ষেপ কৰিছিল বুলি কিয়েভৰ মেয়ৰ ভিটালি ক্লিস্কোৱে দাবী কৰিছে। ইয়াৰে কিছু ড্ৰ’ন ইউক্ৰেইন সেনাই ধ্বংস কৰে বুলি তেওঁ লগতে কয়।