নিউজ ডেস্কঃ ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ পাছতে ইউক্ৰেইনে বিশ্বৰ দেশসমূহৰ পৰা সহায় বাবে আহ্বান জনাইছে। ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ডা০ ইগৰ পলিখাই এই সন্দৰ্ভত কয়- ‘আমি ভাৰতৰ তৰফৰ পৰা আমাক সমৰ্থন জনোৱাৰ আহ্বান জনাইছো। প্ৰধানমন্ত্ৰী মোডীজীয়ে বিশ্বৰ ভিতৰত শক্তিশালী আৰু প্ৰভাৱশালী নেতা আৰু ভাৰতৰ ৰাছিয়াৰ সৈতে সুসম্পৰ্ক আছে।’
লগতে ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে, ‘যদি মোডীজীয়ে পুটিনৰ সৈতে আলোচনা কৰে তেন্তে তেওঁ নিশ্চয় উত্তৰ দিয়াৰ সম্ভাৱনা আছে। আমি এই বিষয়টোক লৈ ভাৰতৰ পৰা সম্পূৰ্ণ সমৰ্থন পাম বুলি আশাবাদী। যিকোনো সময়তে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিব পাৰে। তাৰপাছত ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতেই পৰাৰ সম্ভাৱনা আছে। আৰু এয়া কেৱল ইউক্ৰেইনৰ নাগৰিকৰ বাবেই নহয়, সমগ্ৰ বিশ্ববাসীৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয়। সেয়েহে ভাৰতে এই ক্ষেত্ৰত আমাক সমৰ্থন আৰু সহায় কৰিব বুলি আমি আশাবাদী।’