শ্বিলং: দেওবাৰে পুৱা মৌদিয়াংদিয়াঙত নিৰ্মীয়মান মেঘালয় বিধানসভা ভৱনৰ গম্বুজ ভাঙি পৰে।
প্ৰাপ্ত তথ্য মতে, বাতৰি যুগুত কৰা সময়লৈকে ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।
মেঘালয় বিধানসভাৰ নতুন ভৱনটোত আজি ভাঙি পৰা গম্বুজটো মাত্ৰ কিছুদিন পূৰ্বেহে তাত স্থাপন কৰা হৈছিল। ভৱনটোৰ এই নিৰ্মাণৰ বাবে যথেষ্ট সময় লাগিছিল।
উল্লেখযোগ্য যে নতুন বিধানসভা ভৱন নিৰ্মাণৰ বাবে আজি পৰ্যন্ত ১৩০ কোটি টকাৰ ধন ব্যয় কৰা হৈছে।
নিউ শ্বিলং টাউনশ্বিপৰ মাউডিয়াংদিয়াঙত ৮০ একৰ মাটিত ভৱনটো নিৰ্মাণৰ কাম চলি আছে । ১২৭ কোটি টকাৰ এই ভৱনটোৰ নিৰ্মাণৰ কাম উত্তৰ প্ৰদেশ চৰকাৰৰ পি এছ ইউ উত্তৰ প্ৰদেশ ৰাজকীয়া নিৰ্মাণ নিগম লিমিটেডক আবণ্টন দিয়া হৈছে।
লগতে পঢ়ক – FIF Pro Leagueৰ বাবে ভাৰতীয় মহিলা হকী দলৰ নাম ঘোষণা