ভাৰতৰ ‘মষ্ট ৱাণ্টেড’ গেংষ্টাৰসকলৰ অন্যতম, অপৰাধ জগতৰ ‘ডন’ হিচাপে খ্যাত চোটা ৰাজনৰ আজি ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

তেওঁক নতুন দিল্লীস্থ ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত যোৱা ২৬ এপ্ৰিলৰ পৰা চিকিৎসা চলাই থকা হৈছিল।

চিকিৎসকৰ মতে ক’ভিডৰ উপৰি তেওঁ ডায়েবেটিছ, হাৰ্টৰ অসুখ, বৃক্কৰ অসুখকে ধৰি বহুকেইটা আনুষংগিক ৰোগত ভুগি আছিল।

ৰাজেন্দ্ৰ নিকালজে ওৰফে চোটা ৰাজনক ২০১৫ চনৰ ২৫ অক্টোৱৰত  ইণ্ডোনেচিয়াৰ বালিত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা দীৰ্ঘ দিন ধৰি তিহাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল।

উল্লেখযোগ্য যে ৬১ বৰ্ষীয় গেংষ্টাৰজনৰ বিৰুদ্ধে বহু কেইটা হত্যা আৰু ধন দাবীকে ধৰি প্ৰায় ৭০টা অপৰাধৰ গোচৰ আছে।

চোটা ৰাজনৰ কলংকিত জীৱনকলৈ বলীউডত কেইবাখনো ছবি নিৰ্মাণ হৈছে।

১৯৯৯ চনত সঞ্জয় দত্তই অভিনয় কৰা ‘বাস্তৱ— দ্য ৰিয়েলিটি’,২০০২ চনত বিবেক অৱেৰয়ে অভিনয় কৰা ‘কোম্পেনী’ ছবি কেইখন চোটা ৰাজনৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।

ৰাজনে অংকিতা বৈদ নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁৰ নিকিতা, অংকিতা আৰু খুছী নামৰ তিনিগৰাকী কন্যা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply