নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে নিবনুৱাৰ হাৰ। এই কথা আমাৰ নহয়, এই তথ্য লাভ কৰা হৈছে চিএমআইইৰ তৰফৰ পৰা।
দেশৰ নিবনুৱা আৰু ঔদ্যোগিক দিশত দৃষ্টি ৰখা সংস্থা চিএমআইই অৰ্থাৎ চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীয়ে প্ৰকাশ কৰা মাহেকীয়া তথ্য অনুসৰি, দেশৰ নিবনুৱা হাৰ মাৰ্চ, ২০২২ত ৭.৬ শতাংশলৈ হ্ৰাস পাইছে। এই হাৰ ফেব্ৰুৱাৰীত আছিল ৮.১০ শতাংশ।
ইয়াৰে চহৰাঞ্চলত নিবনুৱাৰ হাৰ ৮.৫ শতাংশ আৰু গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ ৭.১ শতাংশ হৈছে। চিএমআইইৰ তথ্য অনুসৰি, হাৰিয়ানাত সৰ্বাধিক নিবনুৱা হাৰ দেখা গৈছে।
ৰাজ্যখনত বৰ্তমান সময়ত নিবনুৱা হাৰ ২৬.৭ শতাংশ। তাৰপাছত ৰাজস্থান আৰু জম্মু-কাশ্মীৰত ২৫ শতাংশকৈ, বিহাৰত ১৪.৪ শতাংশ, ত্ৰিপুৰাত ১৪.১ শতাংশ, পশ্চিমবংগত ৫.৬ শতাংশ।