নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কয় যে- কেন্দ্ৰীয় বাজেট ২০২২-২৩ত কৃষি ক্ষেত্ৰক অধিক আধুনিক আৰু স্মাৰ্ট কৰাৰ দিশত বিশেষ দৃষ্টি প্ৰদান কৰা হৈছে। দেশৰ কৃষি ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ বাবে বাজেটত লোৱা সিদ্ধান্ত সমূহৰ সন্দৰ্ভত তেওঁ আজি চৰ্চা কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে- যোৱা ৭ বছৰত চৰকাৰে বীজৰ পৰা উৎপাদিত সামগ্ৰীৰ বজাৰ মূল্যৰ ক্ষেত্ৰত বহু কেইটা পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি পুৰণি প্ৰণালীতো বহু সংশোধন কৰা হৈছে।
বৃহস্পতিবাৰে এখন ৱেবিনাটৰত অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা ৬টা বছৰত কৃষি ক্ষেত্ৰখনৰ বাবে বাজেটত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দেশৰ কৃষিসকলৰ বাবে যোৱা ৭ বছৰত ঋণৰ পৰিমান ২.৫ গুণ বৃদ্ধি কৰা হৈছে।