নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰ পৰা ভাৰত আৰু বাংলাদেশে ১৫৩ কিউছেক পৰ্যন্ত পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজৰ বুজাবুজিৰ চুক্তি (MoU) ত কাৰ্য্যোত্তৰ (ex-facto) অনুমোদন জনায়।
২০২২ চনৰ ৬ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত, ভাৰত আৰু বাংলাদেশে উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰ পৰা খৰালি কালত (১ নৱেম্বৰৰপৰা ৩১ মে’লৈ) নিজা ব্যৱহাৰযোগ্য পানীৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে ১৫৩ কিউছেক পৰ্যন্ত পানী প্ৰত্যাহাৰৰ বাবে এই বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছিল।
এই বুজাবুজিৰ চুক্তিৰ অধীনত অসম চৰকাৰে খৰালি কালত কুশিয়াৰা নদীৰ উমৈহতীয়া অংশৰ পৰা ১৫৩ কিউছেক পৰ্যন্ত পানী, খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে, আহৰণ কৰিব পাৰিব।
খৰালি কালত প্ৰতিটো পক্ষৰ পানী প্ৰত্যাহাৰত নজৰ ৰাখিবলৈ দুয়োখন দেশৰদ্বাৰা এটা যুটীয়া নিৰীক্ষণ টীম গঠন কৰা হ’ব।
লগতে পঢ়ক – ‘কেপ্তেইন ফেন্টাষ্টিক’ ছিৰিজৰ মুক্তিৰ পিছত সুনীল ছেত্ৰীক মোদীৰ অভিনন্দন