নিউজ ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে অৰুণাচল প্ৰদেশলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অৰুণাচল ভ্ৰমণৰ প্ৰথম দিনটোতে গৃহমন্ত্ৰীগৰাকীয়ে টিৰাপ জিলাৰ দেওমালীৰ নৰোটম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনত অংশ ল’ব আৰু তাৰ পিছত তেওঁ নামচাইলৈ গৈ ৫১ ফুট উচ্চতাৰ পৰশুৰাম প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিব। অৰুণাচল ভ্ৰমণৰ সময়ছোৱাত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰায় ৪০টা প্ৰকল্প উদ্ধোধন কৰিব।
লগতে পঢ়কঃবানৰ সংহাৰী ৰূপ: বানত পৰি মৃত্যু বহুকেইজন লোকৰ
দেওবাৰে তেওঁ নামচাই জিলাৰ টেঙাপানীৰ সমীপৰ গোল্ডেন পেগোডাত পূজা আগবঢ়াব। ইয়াৰ পিছতে শ্বাহে নামচাইত এখন জনসভা সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভনী কৰিব।
গৃহমন্ত্ৰীগৰাকীয়ে নামচাইত সেনা, আই টি বি পি, এছ এছ বি, আছাম ৰাইফলছ, বি আৰ অ’ আৰু নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (এন এইচ আই ডি চি এল)ৰ জোৱানসকলৰ সৈতেও নিৰাপত্তা আৰু উন্নয়নৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।