নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিক শনিবাৰে পশ্চিমবংগৰ কোচবিহাৰলৈ যোৱাৰ সময়তে মাজবাটতে চলিল ভয়াবহ আক্ৰমণ। মন্ত্ৰীগৰাকীৰ কনভয়ৰ ওপৰত একাংশ লোকে শিল বৰ্ষণ কৰি এই আক্ৰমণ কৰে।

জানিব পৰা অনুসৰি, অঞ্চলটোৰ এজন জনজাতীয় লোকক বি এছ এফৰ জোৱানে হত্যাৰ কৰাৰ অভিযোগ মন্ত্ৰীগৰীকক দিয়া হৈছিল। কিন্তু কেন্দ্ৰীয় গৃহৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থকাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবে আক্ৰমণ লক্ষ্য হৈ পৰে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

আক্ৰমণৰ পিছত মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগেদি টুইট কৰি লিখে যে, “টিএমচি গুণ্ডৰ দ্বাৰা মোৰ ওপৰত হোৱা আক্ৰমণ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ। সমগ্ৰ দেশে টিএমচিৰ পৃষ্ঠপোষকতাত আৰু সমৰ্থিত সন্ত্ৰাসবাদৰ দ্বাৰা গণতন্ত্ৰক কেনেদৰে পঙ্গু হৈ আছে সেয়া চাই আছে। এইটো পশ্চিম বংগ ৰাজ্যৰ আইন-শৃংখলাৰ সম্পূৰ্ণ বিফলতাৰ প্ৰমাণ”।

ইফালে, তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে কোচ বিহাৰৰ এক সমাৱেশত ভাষণ প্ৰদান কৰি কয় যে,  জনজাতীয় লোকৰ হত্যাত প্ৰমাণিক জগৰীয়া । তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যলৈকে যায় তাতেই ক’লা পতাকা দেখুৱা হ’ব বুলি বেনাৰ্জীয়ে কয়।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰামাণিক কোচবিহাৰৰে সাংসদ। নিজ সমষ্টিতে সাংসদ গৰাকীক এনে আক্ৰমণৰ মুখামুখি হোৱাটো এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীলৈ কন্দুৱা গেছ নিক্ষেপণ কৰাৰ পিছতেহে কোনো মতে সেই স্থানৰ কনভয় সহ মন্ত্ৰীগৰাকী যাব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply