সদ্য সমাপ্ত পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতেই ৰাজ্যখনৰ বিভিন্ন ঠাইত ভয়াবহ ৰূপত হিংসাত্মক ঘটনা সংঘটিত হবলৈ আৰম্ভ কৰিছে ।
এতিয়ালৈকে ১৪ জন বিজেপি সমৰ্থকৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত প্ৰাণ গৈছে , বহুজন এতিয়াও চিকিৎসাধীন হৈ আছে ।
আজি কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী ভি মুৰুলীধৰণে হিংসা জৰ্জৰ অঞ্চল ভ্ৰমন কৰাৰ সময়ত পশ্চিম মিদনাপুৰ জিলাৰ পাঞ্চুখুড়ি অঞ্চলত তৃণমূল কংগ্ৰেছৰ একাংশ সমৰ্থকে তেওৰ কনভয়ৰ ওপৰত লাঠি জোং লৈ আক্ৰমন চলাই ।
সুৰক্ষাবাহিনী সহযোগত কোনোমতে সেই আক্ৰমনৰ পৰা ৰক্ষা পৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ।
মন্ত্ৰী গৰাকীয়ে সমগ্ৰ ঘটনাৰ ভিজুৱেল টুইট কৰি পৰিস্থিতি এতিয়াও কিমান ভয়ংকৰ হৈ আছে সেই কথা জনাইছে ।
ৰাজ্যখনত হোৱা নিৰ্বাচনত্তোৰ হিংসাৰ পিছত কোচবিহাৰ জিলাৰ শ শ আতংকিত লোক আহি বৰ্তমান অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত আশ্ৰয় লৈছেহি।