নিউজ ডেস্কঃ এতিয়াৰে পৰা ভাৰতত বিদেশী পঞ্জীয়ন থকা বাহনসমূহ চলাব পাৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে দেওবাৰে কৈছিল যে অন্য দেশৰ পঞ্জীয়ন থকা ব্যক্তিগত বাহনসমূহ ভাৰতত চলোৱাৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে বিদেশৰ পৰা ভাৰত পৰিভ্ৰমণ কৰিবলৈ অহা অতিথিসকলৰ বাহনৰ বাবেহে এই নতুন নিয়ম কাৰ্যকৰী কৰিছে। যদি এজন বিদেশী অতিথি ভাৰতলৈ আহে আৰু তেওঁ লগত যদি গাড়ী লৈ আহে, তেন্তে এই নিয়মবোৰ মানি চলিলে তেওঁৰ নিজৰ দেশৰ পঞ্জীয়ন থকা বাহন ভাৰতত চলাব পাৰিব।

MoRTHএ কৈছিল যে the Motor Vehicles Non-Transport Vehicles Visiting India Rules, 2022ৰ মতে দেশত চলাচল কৰিবলৈ অনুমতি দিয়া এনে বাহনৰ বৈধ পঞ্জীয়ন প্ৰমাণপত্ৰ থাকিব লাগিব।বাহনখনৰ চালকৰ বৈধ ড্ৰাইভিং লাইচেঞ্চ বা আন্তৰ্জাতিক ড্ৰাইভিং পাৰ্মিট থাকিব লাগিব। লগতে, বাহনখনত বীমা আঁচনি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ থাকিব লাগিব।

যদি এই নথিবোৰ ইংৰাজীৰ বাহিৰে আন ভাষাত থাকে, তেনেহ’লে ভাৰতলৈ অহাৰ আগতে, ইয়াৰ স্থানীয় কৰ্তৃপক্ষই জাৰী কৰা ইংৰাজীৰ এটা অনুবাদৰ প্ৰমাণপত্ৰ লগত আনিব লাগিব। আনহাতে, ভাৰতৰ বাহিৰে আন কোনো দেশৰ পঞ্জীয়ন কৰা মটৰ বাহনসমূহত স্থানীয় যাত্ৰী আৰু সামগ্ৰী ভাৰতলৈ কঢ়িয়াই অনাৰ অনুমতি দিয়া নহ’ব।

সুৰক্ষাৰ কথা মনত ৰাখি এই নিয়মবোৰ কাৰ্যকৰী কৰা হৈছে। বহুসময়ত বিদেশৰ পৰা অহা কূটনীতিবিদ বা অতিথিসকলে ও ভাৰতলৈ অহাৰ সময়ত তেওঁলোকৰ সৈতে ব্যক্তিগত বাহন আনিছিল, কিন্তু সেই বাহনসমূহ চলাচলৰ ক্ষেত্ৰত কোনো নিয়ম নাছিল, কিন্তু সুৰক্ষাৰ কথা মনত ৰাখি, কেন্দ্ৰীয় চৰকাৰৰ পৰিবহন মন্ত্ৰণালয়ে নতুন নিয়মটো কাৰ্যকৰী কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply