নিউজ ডেস্কঃ মানুহৰ ভাগ্য় কেতিয়া উদয় হয় কোনেও ক’ব নোৱাৰে। কেতিয়াবা কিছুমান আচৰিত ঘটনাই কাৰোবাৰ জীৱনৰ গতিপথ হঠাৎ সলনি কৰি দিয়ে।
ঠিক এনে এক আচৰিত ঘটনাই সলনি কৰিলে কেলিফ’ৰ্ণিয়াৰ এগৰাকী মহিলাৰ জীৱন। নৰিন এৰেডবাৰ্গ নামৰ মহিলা গৰাকীয়ে কেলিফ’ৰ্ণিয়াৰ আৰ্কানচাচ ষ্টেট পাৰ্কত খোজ কাঢ়ি থাকোতেই চকুত পৰিল এটুকুৰা হীৰা। হালধীয়া বৰণৰ হীৰা টুকুৰাৰ ওজন ৪.৩৮ কেৰেট।
নৰিনে এনে এটুকুৰা মূল্যৱান হীৰা পাব বুলি কোনো ধাৰণাই কৰা নাছিল। তেওঁ কয় যে মই হালধীয়া বৰণৰ শিল টুকুৰা এইকাৰণেই তুলি ল’লো কাৰণ শিলৰ টুকুৰাটো ইমান পৰিস্কাৰ,উজ্জ্বল আছিল।
তেওঁ সেই ৰত্নটো Diamond Discovery Center লৈ আহে। তেতিয়াহে নৰিনে সেই টুকুৰা শিল নহয় মূল্যৱান হীৰা বুলি জ্ঞাত হয়। নৰিনে পোৱা সেই হীৰা টুকুৰাৰ মূল্য ২৫০০ৰ পৰা ২০০০০হেজাৰ ডলাৰ।
আচলতে এই পাৰ্কখনত আছে হীৰাৰ খনি। ক্ৰেটাৰ অফ ডায়মণ্ডচ নামৰ এই একমাত্ৰ হীৰাৰ খনি যি সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে উপলব্ধ। দৰ্শনাৰ্থীসকলে পোৱা হীৰাটুকুৰা তেওঁলোকৰ লগত নিব পৰা অনুমতি আছে।
লগতে পঢ়কঃগাঁওবাসীয়েও অতি সোনকালে লাভ কৰিব হাইস্পীড ইন্টাৰনেট সেৱা