নিউজ ডেস্ক: তৃণমূল কংগ্ৰেছৰ লোকসভা সাংসদ মহুৱা মৈত্ৰই দিয়া এটা বিশেষ টুইটক কেন্দ্ৰ কৰি অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংসদ গৰাকীয়ে বৃহস্পতিবাৰে লোকসভা সচিবালয়ে ‘অসাংবিধানিক শব্দ’ৰ এক তালিকা প্ৰকাশ কৰাৰ পিছতে এটা টুইটত এক বিশেষ টুইট দিছিল।

উক্ত টুইটত তেওঁ ‘যৌন নিৰ্যাতন’ শব্দৰ বিকল্প শব্দ হিচাপে ‘মিষ্টাৰ গগৈ’ লিখাৰ পৰামৰ্শ আগবঢ়াইছিল। ইয়াক কেন্দ্ৰ কৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বহুতে ইয়াক গৰিহণা দিয়াৰ লগতে তেওঁৰ উক্ত টুইটটো গগৈ উপাধিৰ লোকসকলৰ প্ৰতি অপমানসূচক বুলি কয়।

আনহাতে আজি নিজৰ উক্ত টুইটটো ৰিটুইট কৰি মৈত্ৰই তেওঁ ‘মিষ্টাৰ গগৈ’ৰ দ্বাৰা ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন  গগৈক বুজাইছিল বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে লোকসভা সচিবালয়ে অহা ১৮ জুলাইৰ সংসদ অধিবেশনৰ আগে আগে বিশেষ কেতবোৰ শব্দক অসাংবিধানিক বুলি ঘোষণা কৰে। সেই অনুসৰি এতিয়াৰে পৰা ৰাজ্যসভা তথা লোকসভাৰ মজিয়াত ৰাজনৈতিক দলসমূহে উক্ত শব্দসমূহ প্ৰয়োগ কৰিব নোৱাৰিব।

লোকসভা সচিবালয়ে প্ৰকাশ কৰা অসাংবিধানিক শব্দৰ তালিকা – ক’ভিড স্প্ৰেডাৰ, ফুলিচ, গাড্ডাৰ, হিপ’ক্ৰেছি, তানাছাহী, নৌটংকী, কালা দিন, খালিস্তানী, বেহৰি চৰকাৰ, ব্লাডী, ববকাট, ড্ৰামা, ঘঁৰিয়ালৰ চকুপানী, চাইল্ডিছনেছ, কৰাপ্ট, কাৱাৰ্ড, অপৰাধী, দাদাগিৰি, দালাল, ডংগা, ডিক্টেটৰীয়েল, গাধ, বাহানা, জুমলাজীৱী, শকুনি, এনাৰ্কিষ্ট, বালবুদ্ধি, খুন ছে খেতি, বিনাশ পুৰুষ, ধিন্দৌৰা পিটনা, নিকম্মা, ব্লাডশ্বেড, বিট্ৰেইড, এছেমড, এবিউজ, চিটেড, চামচা, চামচাগিৰি, ক্ৰিমিনেল, ডিছগ্ৰেচ, আইৱাশ্ব, হুলিগেনিজম, ইনকম্পেটেণ্ট, মিছলিড, আনট্ৰু, গুনছ, অসত্য, অহংকাৰ, কলা বাজাৰী, দোহৰা চৰিত্ৰ, ছেক্সুৱেল হাৰাছমেণ্ট, পিত্থু, গিৰগিট, বেচাৰা, ললীপপ, বিশ্বাসঘাত, সংবেদনহীন।

লগতে পঢ়ক – অসম তথা উত্তৰ-পূবৰ বাবে কিয় এক পূৰ্ণাংগ যৌন শিক্ষাৰ প্ৰয়োজন?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply