নিউজ ডেস্কঃ দেশৰ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কাইলৈ অৰ্থাৎ ১০ মাৰ্চ, ২০২২ত ঘোষণা কৰা হ’ব। উত্তৰপ্ৰদেশত অৱশ্যে এইবাৰ কোনে চৰকাৰ গঠন কৰিব সেই কথা অতি কঠিন। কিয়নো বিৰোধী বা শাসক পক্ষৰ এটাৰো বতাহ বৰ বিশেষ বলা দেখা নগ’ল ৰাজ্যখনত।

অৱশ্যে প্ৰায় সকলোবোৰ এগজিট প’লতে ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাই ব্যক্ত কৰা হৈছে। উত্তৰপ্ৰদেশৰ ৪০৩টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এইবাৰৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাৰ্থীসকলে। ইয়াৰে প্ৰায় ৬০ গৰাকী প্ৰাৰ্থীৰ নিজৰ নিজৰ ক্ষেত্ৰসমূহত আছে বিশেষ দখল।

উল্লেখ্য যে, উত্তৰপ্ৰদেশৰ গৌৰখপুৰ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। ইফালে, কৰহটত সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱ, সিৰাথুত উপ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ নেতা কেশৱ প্ৰসাদ মৌৰ্য্য, নকুৰত সমাজবাদী পাৰ্টীৰ ধৰম সিং ছেন্নী, মুজাফাৰনগৰত বিজেপিৰ কপিল দেৱ আগ্ৰৱাল, সৰধনাত বিজেপিৰ সংগীত সোম, আগ্ৰা গ্ৰামীনত বিজেপিৰ বেবী ৰাণী মৌৰ্য্যই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

তদুপৰি ৰায়বৰেলীত বিজেপিৰ অদিতি সিং, তমকুহী ৰাজত প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় কুমাৰ লল্লু, জহুৰাবাদত এছবিএছপিৰ ঔম প্ৰকাশ ৰাজভৰ, ৰামপুৰত সমাজবাদী পাৰ্টীৰ আজম খান, সুৱাৰত সমাজবাদী পাৰ্টীৰ আব্দুল্লা আজম খান, হস্তিনাপুৰত কংগ্ৰেছৰ অৰ্চনা গৌতম, মান্টত বিএছপিৰ শ্যামসুন্দ শৰ্মা, যশবন্তনগৰত সমাজবাদী পাৰ্টীৰ শিৱপাল সিং যাদৱ, কুন্ডাত জেএছডিএলৰ ৰাজা ভেয়া, ফাজিলনগৰত সমাজবাদী পাৰ্টীৰ স্বামী প্ৰসাদ মৌৰ্য্য, নোয়েডাত বিজেপিৰ পংকজ সিং, মথুৰাত কংগ্ৰেছৰ প্ৰদীপ মাধুৰী আৰু শ্বাহজহাপুৰত বিজেপিৰ সুৰেশ খন্নাই প্ৰতিদ্বন্দ্বিতা কৰিছে। এই প্ৰাৰ্থী কেইজনৰ সমষ্টিত বিশেষ দৃষ্টি ৰাখিছে ৰাজ্যখনৰ ভোটাৰ ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply