নিউজ ডেস্ক: PUBG খেলাত বাধা দিয়াৰ বাবেই নিজৰ মাতৃক গুলীয়াই হত্যা কৰে এজন ১৬ বছৰীয়া কিশোৰে। মঙলবাৰে উত্তৰ-প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হয় এই ঘটনা, আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অনলাইন গে’ম PUBG-ৰ প্ৰতি আসক্ত কিশোৰজনক তেওঁৰ মাতৃয়ে খেলাত বাধা দিয়াত খড়্গহস্ত হৈ তেওঁ এই কাৰ্য্য সংঘটিত কৰে।

আৰক্ষীয়ে মঙলবাৰে নিশা মহিলা গৰাকীৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ কৰে, পিছত মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে কিশোৰজনক আটক কৰা হয়।

ঘটনা অনুসৰি যোৱা শনিবাৰে কিশোৰজনে নিজৰ মাতৃক গুলীয়াই হত্যা কৰি ঘৰৰ এটা ৰূমত তলা মাৰি ভৰাই থৈছিল, দুদিন ধৰি মৃতদেহটোক এনেদৰে ৰূমৰ ভিতৰত লুকুৱাই ৰখাৰ পিছত ল’ৰাজনে পশ্চিমবংগত সেনা বাহিনীত কাম কৰা পৃতিক এই বিষয়ে অৱগত কৰে।

এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে ‘’ল’ৰাজনে প্ৰথমে ঘটনাটোক লৈ এক মিছা কাহিনী সাজিবলৈ চেষ্টা কৰিছিল যদিও পিছত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।‘’

লগতে পঢ়ক – বিপদৰ ইংগিত! ভাৰতত প্ৰৱেশ কৰি চীনৰ বৃদ্ধি গতিবিধি, নিৰ্মাণ পথ     

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply