নিউজ ডেস্কঃ এগৰাকী বৃদ্ধই চিকিৎসাৰ বাবে পত্নীক ঠেলাত উঠাই হাস্পতাললৈ নিয়াৰ এখন ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উত্তৰপ্ৰদেশৰ বলিয়াৰ চিলকহৰ ব্লকৰ নিবাসী সুকুল প্ৰজাপতিয়ে নিজৰ অসুখীয়া পত্নীক চিকিৎসাৰ বাবে ঠেলাত উঠাই হাস্পতাললৈ যাবলগীয়া হৈছে। প্ৰায় কিলোমিটাৰ পথ বৃদ্ধ ব্যক্তিগৰাকীয়ে ঠেলাখনত পত্নীক উঠাই কমিউনিটী হেলথ চেন্টাৰলৈ লৈ যায়।

স্বাস্থ্য কেন্দ্ৰটোৰ পৰা উন্নত চিকিৎসাৰ বাবে বৃদ্ধা গৰাকীক বলিয়াৰ জিলা হাস্পতাললৈ লৈ যায় স্বামীয়ে। কিন্তু হাস্পতাললৈ নিয়াৰ পাছতো তেওঁৰ জীৱন ৰক্ষা নহ’ল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা ২৮ মাৰ্চৰ।

উল্লেখ্য যে, সুকুল প্ৰজাপতি অতি দৰিদ্ৰ। এটা সৰু জুপুৰীত পত্নীসহ বাস কৰে তেওঁ। কিন্তু ধনৰ অভাৱত আজি তেওঁ নিজৰ পত্নীক উন্নত চিকিৎসা প্ৰদান কৰিব নোৱাৰিলে। ধনৰ অভাৱ থাকিলেও পত্নীক সুস্থ কৰাৰ বাবে অকলেই পত্নীক ঠেলাত উঠাই হাস্পতাললৈ লৈ যায় সুকুল প্ৰজাপতিয়ে।

ইফালে, ফটোখন ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ব্ৰিজেশ পাঠকে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

আনহাতে, বৃদ্ধ গৰাকীয়ে সাংবাদিকৰ আগত কয় যে- ২৮ মাৰ্চত পত্নীক চিকিৎসালয়লৈ নিবৰ বাবে তেওঁ কোনো বাহনৰ ব্যৱস্থা কৰিব নোৱাৰাত অৱশেষত ঠেলাই উঠাই পত্নীক স্বাস্থ্য কেন্দ্ৰটোলৈ লৈ যায়। স্বাস্থ্য কেন্দ্ৰত চিকিৎসকে কেইটামান ঔষধ দিয়াৰ পাছত তেওঁলোকক জিলা হাস্পতাললৈ যাবলৈ কয়। আৰু তাৰপাছত তেওঁ হাস্পতাললৈ যায় যদিও পত্নীক মৃত ঘোষণা কৰে চিকিৎসকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply