যোগী আদিত্যনাথে শুকুৰবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত প্ৰায় ৫২ গৰাকী মন্ত্ৰীৰ সৈতে আদিত্যনাথে দ্বিতীয় কাৰ্যকালৰ বাবে শপত লয় ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপি সভাপতি জে পি নাড্ডা, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতাসকলে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।যোগীৰ শপত গ্ৰহন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

প্ৰায় ৮৫ হাজাৰ লোকে বিশাল অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।১৯৮৫ চনৰ পিছত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশত একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছে। বিজেপিৰ সৈতে আপনা দল আৰু নিছাদ পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছে।