নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ বিনামূলীয়া ৰেচন আৰু তিনিমাহৰ বাবে প্ৰদানৰ ঘোষণা কৰিছে। যোগী আদিত্যনাথে কয় যে- ৰাজ্যৰ ১৫ কোটি জনতাক বিনামূলীয়াকৈ খাদ্য যোঁজনা ৩ মাহৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে।
উল্লেখ্য যে, পূৰ্বে এই আঁচনিৰ ২০২২ৰ মাৰ্চত অন্ত পৰাৰ কথা আছিল। ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উত্তৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে- ‘আমি ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসকলৰ কথা চিন্তা কৰিয়েই এই সিদ্ধান্ত লৈছো। সেয়েহে আৰু তিনিমাহৰ বাবে ৰাজ্যত বিনামূলীয়া ৰেচন দিয়াৰ কথা ভাবিছো।