নিউজ ডেস্কঃ উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰ্ব অব্যাহত আছে। ৰাজ্যখনৰ ৫৫খন আসনৰ বাবে পুৱাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। উত্তৰপ্ৰদেশৰ সহাৰণপুৰ, বিজনৌৰ, মুৰাদাবাদ, সম্ভল, ৰামপুৰ, অমৰোহা, বদায়ু, বৰেলী আৰু শ্বাহজহাপুৰ জিলাৰ ৫৫টা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব আজি।

তথ্য অনুসৰি, প্ৰায় ২.০২ কোটি উত্তৰ প্ৰদেশৰ ভোটাৰ ৰাইজে সোমবাৰে ভোট দি ভাগ্য নিৰ্ণয় কৰিব নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৫৮৬গৰাকী প্ৰাৰ্থীৰ। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰা ভোটৰ সকলৰ ১.০৮ কোটি পুৰুষ, ০.৯৪ কোটি মহিলা আৰু ১২৬৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১২,৫৪৪টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ৰাজ্যখনত ৫৫টা সমষ্টিত ১১ বজালৈকে ২৩.০৩ শতাংশ ভোটদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply