নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত অব্যাহত আছে ভোটগ্ৰহণ পৰ্ব। ইতিমধ্যে পাঁচটাকৈ পৰ্যায়ত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু বৃহস্পতিবাৰে ৰাজ্যখনত অনুষ্ঠিত হয় ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱাৰে পৰা ভোটাৰ ৰাইজে দীঘলীয়া শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, বিয়লি ৩ বজালৈকে ৰাজ্যখনত সাব্যস্ত হৈছে ৪৬.৭০ শতাংশ ভোটদান।

বৃহস্পতিবাৰে ৰাজ্যখনৰ ১০খনকৈ জিলাৰ ৫৭টা বিধানসভা সমষ্টিত ভোটাৰ ৰাইজে ভোটদান কৰিছে। পুৱা ৯ বজালৈকে ৮.৬৯ শতাংশ, দিনৰ ১১ বজালৈকে ২১.৭৯ শতাংশ ভোটদান কৰা হয় উত্তৰপ্ৰদেশত। ইফালে, ৰাজ্য হিচাপে বিয়লি ৩ বজালৈ কৰা ভোটদানৰ হাৰ ক্ৰমে- আম্বেদকাৰনগৰত ৫২.৪০ শতাংশ, বলৰামপুৰত ৪২.৬৭ শতাংশ, সিদ্ধাৰ্থনগৰত ৪৫.৩৩ শতাংশ, বস্তীত ৪৬.৪৯ শতাংশ।

তাৰ লগতে সন্তকবীৰ নগৰত ৪৪.৬৭ শতাংশ, মহৰাজগঞ্জ ৪৭.৫৪ শতাংশ, গৰখপুৰত ৪৬.৪৪ শতাংশ, কুশীনগৰত ৪৮.৪৯ শতাংশ, দেবৰিয়াত ৪৫.৩৫ শতাংশ আৰু বলিয়াত ৪৬.৪৮ শতাংশ ভোটদান সম্পন্ন হৈছে দিনৰ ৩ বজালৈকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply