নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত দেখা পোৱা গৈছে ভোটাৰ ৰাইজৰ ভিৰ। বুধবাৰে পুৱা ৰাজ্যখনৰ ৯খন জিলাৰ ৫৯টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। জানিব পৰা মতে, দিনৰ ১১ বজালৈকে ৰাজ্যখনত ২২.৬২ শতাংশ ভোটদান সাব্যস্ত হৈছে।
ইয়াৰ পূৰ্বে পুৱা ৯ বজালৈকে মাত্ৰ ৯.১০ শতাংশ ভোটাৰেহে ভোটদান কৰিছিল। উল্লেখযোগ্য যে, বুধবাৰে উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে ৰাজ্যখনত।
৫৯টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৬২৪গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে। মন কৰিব লগীয়া যে, ইয়াৰ পূৰ্বে ২০১৭ চনত এই ৫৯টা সমষ্টিৰ ৫১টা সমষ্টিতেই বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছিল।