নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ৰাজ্যখনত বিয়লি ৩ বজালৈ ৪৬.৪০ শতাংশ ভোটদান সম্পন্ন হৈছে।
সোমবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰ ৰাইজে। ইফালে, দিনৰ ১ বজালৈকে ৰাজ্যখনত সম্পূৰ্ণ হৈছিল ৩৫.৫১ শতাংশ ভোটদান।
উল্লেখ্য যে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৫৪খন আসনৰ বাবে অনুষ্ঠিত হৈছে। এই সমষ্টি কেইটাত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ ৬১৩ গৰাকী প্ৰাৰ্থীয়ে।
এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ২.০৬ কোটি ভোটাৰে। অহা ১০ মাৰ্চত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।