নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত অব্যাহত আছে ভোট গণনা। ৰাজ্যখনৰ গৌৰখপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যোগী আদিত্যনাথ আগবাঢ়ি আছে। ভোটগণনাৰ দশম ৰাউণ্ড সম্পন্ন হোৱাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নাথ প্ৰায় ৩৪ হাজাৰ ভোটত আগবাঢ়ি আছে সমষ্টিটোত।
বৰ্তমানলৈ যোগী আদিত্যনাথে ৫১৪০০ টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ শুভাৱতী উপেন্দ্ৰ দত্ত শুক্লাই লাভ কৰিছে ১৭৩৬৮টা ভোট।
ইফালে, নিৰ্বাচনৰ পূৰ্বে বিজেপি ত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰা স্বামী প্ৰসাদ কুশীনগৰে প্ৰতিদ্বন্দ্বিতা কৰিছে ফাজিলনগৰৰ পৰা। তেওঁ এই সমষ্টিটোত পিছ পৰি আছে।
আনহাতে, উত্তৰপ্ৰদেশৰ সিৰুথ সমষ্টিত পিছ পৰি আছে উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্য। এই সমষ্টিটোত আগবাঢ়ি আছে সমাজবাদী পাৰ্টীৰ পল্লৱী বঢ়ত।