নিউজ ডেস্ক : উত্তৰ-প্ৰদেশৰ বান্দা জিলাৰ এখন গাঁৱত এগৰাকী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ এক ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে, যোৱা ২৬ আগষ্টত কিশোৰী গৰাকী নিজ ঘৰলৈ আহি থকা অৱস্থাত তিনিজন লোকে তেওঁক দলবদ্ধভাৱে ধৰ্ষণ কৰে। অভিযুক্ত আটাইকেইজন যুৱক ২২-২৩ বছৰ বয়সৰ বুলি এগৰাকী স্থানীয় আৰক্ষী বিষয়াই জনায়।

ঘটনা সম্পৰ্কত স্থানীয় আৰক্ষী থানাত ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত যোৱা ৩১ আগষ্টত ভাৰতীয় দণ্ডবিধিৰ POSCO আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হয়।

আনহাতে আৰক্ষীয়ে বিষয়টোত হেমাহি প্ৰকাশ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাজনৈতিক নেতাই হস্তক্ষেপ কৰাৰ পিছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি পৰিয়ালটোৱে দাবী কৰে।  

বৰ্তমান ঘটনাৰ তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰি তিনিজন চিকিৎসকৰ হতুৱাই কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক : ২৪ ঘন্টাৰ ভিতৰত ৪৭ হাজাৰতকৈও অধিক লোক আক্রান্ত, মৃত্যু ৫০৯ জনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply