নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ১০ মাৰ্চত। নিৰ্বাচনৰ ফলাফল পূৰ্বে বৰেলী জিলা প্ৰশাসনে জাৱৰ কঢ়িওৱা বাহনত পোষ্টেল বেলেট পেপাৰ উদ্ধাৰক লৈ তদন্তৰ ঘোষণা কৰিছে।

বৰেলীৰ ভোটগ্ৰহণ কৰা স্থানত এখন জাৱৰ কঢ়িওৱা বাহনত এই বেলেট পেপাৰসমূহ লাভ কৰাত সমাজবাদী পাৰ্টীৰ কৰ্মকৰ্তাসকলে ইয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পাছতে এছডিএম পদৰ পৰা আঁতৰোৱা হৈছে পাৰুল তৰাৰক।

ৰাজেশ চন্দ্ৰই এতিয়াৰে পৰা এছডিএম পদত দায়িত্ব পালন কৰিব। জানিব পৰা মতে, পাৰুল তৰাৰক এছডিএম আৰু ৰিটাৰ্ণিং বিষয়াৰ দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। উল্লেখ্য যে, যোৱা কালি ৰাজ্যখনৰ বৰেলীত সমাজবাদী পাৰ্টীৰ কৰ্মকৰ্তাসকলে এখন জাৱৰ কঢ়িওৱা বাহনত তিনিটা বাকচ উদ্ধাৰ কৰিছিল।

ইফালে, স্থানীয় আৰক্ষীয়ে বাকচ কেইটাত পোষ্টেল বেলেট পেপাৰ নাছিল বুলি স্পষ্ট কৰি দিয়ে। আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, ১০ মাৰ্চত ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply