নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ বৰেলী জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নৱাবগঞ্জস্থিত বিজৌৰিয়া ৰেল ষ্টেচনৰ সমীপত এজন ছাত্ৰই ছেলফী লৈ থকা সময়তে এখন ৰেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত ছাত্ৰজনক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও, চিকিৎসালয়ত মৃত্যু হয় ছাত্ৰজনৰ।
স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই কয় যে, মৃত্যু হোৱা ছাত্ৰজনৰ নাম চাহিল। চাহিল একাদশ শ্ৰেণী ছাত্ৰ আছিল। মঙলবাৰে সন্ধিয়া প্ৰায় ৪ বজাত চাহিলে বন্ধু কেইজনমানৰ সৈতে ৰেল ষ্টেচনৰ ফালে ফুৰিবলৈ গৈছিল।
লগত আৰক্ষী বিষয়া গৰাকীয়ে কয়- নিহত ছাত্ৰজনৰ বন্ধুৱে জনোৱা মতে, তেওঁ কাণত হেডফোন লগাই গান শুনি ছেলফী তুলি আছিল। সেই সময়তে অহা এখন ৰেলৰ খুন্দাত চাহিল গুৰুতৰভাৱে আহত হয় আৰু পাছত মৃত্যুক সাৱটি লয়।