দেশৰ অন্যতম বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ ২০২২ চনত হব লগা নিৰ্বাচনৰ যোঁ-জা আৰম্ভ হৈছে। নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে শাসকীয় দলটোৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ মাজতে শাসকীয় দলটোৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত পোহৰলৈ আহিছে।
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ প্ৰদেশত যোগী আদিত্যক মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি দিয়াৰ কথা বিবেচনা কৰা নাই যদিও উত্তৰ প্ৰদেশ বিজেপিত আন কিছুমান দিশত সাল সলনি কৰাৰ কথা চিন্তা কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা বি কে সন্তোষৰ নেতৃত্বাধীন এটা দলে প্ৰায় এসপ্তাহ আগত উত্তৰ প্ৰদেশৰ মন্ত্ৰী, বিধায়ক,সাংসদ আৰু মুখ্যমন্ত্ৰীৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হৈছিল আৰু তেতিয়াই তেঁওলোকৰ মাজত থকা অসন্তুষ্টি সমূহ পোহৰলৈ আহিছিল। বিশেষকৈ উত্তৰ প্ৰদেশত থকা ব্ৰাহ্মণসকলৰ মাজত বেছিকৈ এই সমস্যা দেখা গৈছিল, মহামাৰী কোৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত এই অসন্তোষ্টি মতবিৰোধলৈ পৰিৰ্ৱতন হৈছিল ।

দীৰ্ঘদিন ধৰি উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণসমাজক প্ৰতিনিধিত্ব কৰা কংগ্ৰেছৰ জনপ্ৰিয় নেতা জিতিন প্ৰসাদে বুধবাৰে বিজেপিত যোগদান কৰাৰ পাছতেই অধিক শংকিত হৈ পৰিছে যোগী বাহিনী। উল্লেখ যোগ্য যে বিগত সময়ত প্ৰায় ১৩ শতাংশ ভোটাৰক নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল জিতিন প্ৰসাদে। ইয়াৰ উপৰিও প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ এ কে শৰ্মাকো উত্তৰ প্ৰদেশৰ গুৰুত্বপুৰ্ণ দায়িত্ব দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

ইফালে অন্য ৰাজ্যৰ তুলনাত উত্তৰ প্ৰদেশৰ বিজেপিৰ সাংগঠনিক পেজৰ ফটো সমূহৰ পৰা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবি আতৰাই দিয়াৰ পাছত ৰাজ্য খনত বিজেপি দলটোৰ মাজত যে অন্তঃকন্দলৰ সৃষ্টি হৈছে তাৰ ছবিখন স্পষ্ট হোৱাৰ চৰ্চা দেশৰ ৰাজনৈতিক মহলত অব্যাহত থকাৰ সময়তে বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে যোগী আদিত্য নাথৰ এই বৈঠকৰ পিছতেই আগন্তুক নিৰ্বাচনক লৈ যে ৰাজ্যখনত তৎপৰতা বৃদ্ধি পাইছে।
পশ্চিমবংগৰ নিৰ্বাচনত দলটোৱে আশা কৰাৰ বিপৰীতে ব্যৰ্থ হোৱাৰ পিছত বিৰোধী দলসমূহেও একগোট হোৱাৰ বাবে সাজু হৈছে। এনে সময়ত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰীৰ মতবিৰোধক লৈ ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply