নিউজ ডেস্কঃ যি সপোনে ৰাতি শুবলৈ নিদিয়ে সেইয়াহে সপোন৷ মানুহে ভিতৰি মানসিক ভাৱে ভাগি গ’লেও ইচ্ছা জীয়াই থাকে, ইচ্ছাই লক্ষ্যত উপনীত কৰিবলৈ সক্ৰিয় কৰি তোলে ৷ লক্ষ্যক আগত ৰাখি জীৱনৰ সকলো কাঁইটীয়া পথ হেলাৰঙে পাৰ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশৰ শিৱাংগী গোৱেল।
স্বামীগৃহৰ অত্যাচাৰ, পিছলৈ বিবাহ বিচ্ছেদ একোৱে ৰোধ কৰিব নোৱাৰিলে শিৱাংগী গোৱেলৰ লক্ষ্য। নিজৰ লক্ষ্যত অটল থকাৰ বাবেই সদ্যঘোষিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৭৭ৰেংকত উত্তীৰ্ণ হৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ’বলৈ সক্ষম হ’ল শিবাংগী।
শিৱাংগী উত্তৰ প্ৰদেশৰ হাপুৰৰ পিলখুৱাৰৰ বাসিন্দা। স্কুলত পঢ়ি থকাৰ সময়তে শিৱাংগীয়ে আই পি এছ হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল। স্কুলীয়া জীৱনৰ শেষত তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ আৰম্ভ কৰে। কলেজত পঢ়ি থাকোতে শিবাংগীয়ে UPSC পৰীক্ষা বহিছিল। প্ৰথমবাৰ পৰীক্ষাত কিন্তু বিফল হয়।
কলেজীয়া জীৱনৰ শেষৰ ফালে শিৱাংগীৰ বিবাহ হয়। পিছে বিবাহিত জীৱনটো বৰ সুখদায়ক নহ’ল শিবাংগীৰ। শিবাংগীৰ ওপৰত স্বামীগৃহৰ নিৰ্যাতন চলিবলৈ আৰম্ভ হ’ল। এইদৰেই দিনৰ পিছত দিন নিৰ্যাতন চলি থাকে। শিবাংগীৰ জীৱনলৈ আহিল এগৰাকী কন্যা সন্তান।
লগতে পঢ়কঃলগতে পঢ়কঃসেনাবাহিনীত চাকৰি নাপালে, অৱশেষত নাৰ্জীফুলৰ খেতি কৰি মাহত উপাৰ্জন কৰে ৫০ হাজাৰ টকা
স্বামীগৃহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত কন্যাক লগত লৈ পিতৃ গৃহলৈ গুচি আহিল শিবাংগী। পিতৃগৃহতে আকৌ শিবাংগীয়ে নিজৰ সপোন বাস্তৱায়িত কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। ২০১৯ চনত পুনৰ ইউ পি এছ চিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও বিফল হ’ল শিবাংগী। ইতিমধ্যে স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰো আৰম্ভ হৈছে। এফালে বিবাহ বিচ্ছেদৰ গোচৰ, আনফালে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা। শিবাংগীৰ বাবে এইয়া এক প্ৰত্যাহ্বান আছিল। কিন্তু তাৰ পিছতো শিবাংগী নিজৰ লক্ষ্যত অটল আছিল। যদি কেতিয়াবা ভাগৰুৱা হৈ পৰিছিল তেওঁৰ কন্যাৰ মুখখনে শিবাংগীত পুনৰ যুঁজিবলৈ শক্তি দিছিল। গতিকে বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতো হাৰ নামানি শিবাংগী গোৱেল দেশৰ সদ্যঘোষিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ১৭৭ৰেংকত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।
মানুহৰ জীৱন সফলতা-বিফলতাৰে ভৰা৷ গতিকে লক্ষ্যক মনৰ চকুৰে স্পষ্টকৈ দেখিব লাগিব ৷ লক্ষ্য স্থিৰ হ’লেহে সফলতা লাভ কৰিব পাৰি তাৰে এক জলন্ত উদাহৰণ উত্তৰ প্ৰদেশৰ শিবাংগী গোৱেল৷
লগতে পঢ়কঃ মৃত্যুৰ কিছু ঘন্টাৰ পূৰ্বে পৰিৱেশন কৰিছিল ‘হম ৰহে য়া না ৰহে কল’