ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ অষ্টাদশ দিন। কীভ প্ৰায় ৰাছিয়াৰ দখললৈ যোৱাৰ পথত। ইতিমধ্যে তিনিটা দিশৰ পৰা ৰুছ সৈন্যই আগুৰি ধৰিছে ইউক্ৰেইনৰ ৰাজধানী চহৰখন।

আমাক মাৰিহে কীভ দখল কৰিব পাৰিব বুলি হুংকাৰ জেলেনস্কীৰ। ইফালে দেশখনৰ পশ্চিমৰ চহৰ লীভত ৰাছিয়াৰ এয়াৰ ষ্ট্ৰাইকত ধ্বংস হৈ গ’ল এটা সেনা ছাউনী। ৯জন লোক নিহত হোৱাৰ বিপৰীতে অৰ্ধশতাধিক লোক আহত হোৱাৰ খবৰ আহিছে।

ইউক্ৰেইনত মৃত্যু আমেৰিকাৰ সাংবাদিক । ইউক্ৰেইনৰ কীভৰ সমীপৰ ইৰপিনত ৰাছিয়ান সেনাৰ গুলিবর্ষণত নিউয়ৰ্ক টাইমছৰ সাংবাদিক ব্ৰেণ্ড ৰেণ’ৰ মৃত্যু ঘটিছে । আক্ৰমণত অন্য এজন সাংবাদিক গুৰুতৰ ভাবে আহত হৈছে । ৫১ বছৰীয়া সাংবাদিকজনে যুদ্ধৰ ফটো আৰু বাতৰি সংগ্ৰহ কৰি থকাৰ সময়তে ৰাছিয়ান সেনাই গুলিচালনা কৰে । ফলত সাংবাদিকজনৰ মৃত্যু ঘটে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply