দীপক কুমাৰ দাস: জীৱ শ্ৰেষ্ঠ মানৱে অৱশেষত মহাকাশ পৰ্য্যটন মুকলি কৰিলে।বহু প্ৰতীক্ষিত মহাকাশ পৰ্য্যটন আৰম্ভ কৰিলে ধনাঢ্য ব্যক্তি ৰিচাৰ্ড ব্ৰেনচন আৰু জেফ বেজ’ছে। দুই ধনাঢ্যৰ ব্যক্তিগত মহাকাশ কোম্পানীৰ এসপ্তাহৰ অগাপিছাকৈ পৃথক পৃথক মহাকাশ পৰ্যটন অভিযানৰ ইতিহাসত দুগৰাকী ভাৰতীয় মহিলাৰ নামো সোণালী আখৰেৰে খচিত হ’ল ।
এগৰাকী ভাৰতীয় মূলৰ মহিলা মহাকাশলৈ গ’ল আৰু আন এগৰাকীয়ে মহাকাশ যান ডিজাইন কৰিলে। সপোন যেন লগা, সাধুকথাৰ লেখীয়া,,আকাশলৈ ফুৰিবলৈ যোৱা কাহিনী, এতিয়া বাস্তৱত পৰিণত হ’ল। গৱেষণাৰ পৰা মহাকাশ এতিয়া মানৱৰ বাবে হৈ পৰিল পৰ্য্যটন ক্ষেত্ৰ। নতুন ধাৰণা মহাকাশ পৰ্য্যটনে পোখালি মেলিলে। এই পৰ্য্যটনত কোন আগবাঢ়িব পাৰে তাক লৈ প্ৰতিযোগিতা আৰম্ভ হ’লেই।
ধনাঢ্য ব্যক্তি জেফ বেজ’ছ,এলন মাস্ক আৰু ৰিচাৰ্ড ব্ৰেনচনৰ মাজত প্ৰতিযোগিতা চলিছে। ইতিমধ্যে ৰিঢাৰ্ড ব্ৰেনচনে মহাকাশলৈ উৰিল। উৰিল জেফ বেজছ আৰু উৰিব এলন মাস্ক। প্ৰথম মহাকাশ পৰ্য্যটনৰ অভিলেখৰ গৰাকী হ’ল উদ্যেগপতি ব্ৰেনচন। জেফ বেজ’ছক অতিক্ৰমি ইতিহাস গঢ়িলে ব্ৰেনচনৰ ভাৰ্জিনিয়া গেলাটিক যাত্ৰী বাহী ৰকেট প্লেন ভিএছ এছ ইউনিটী।পাচ সহযোগীৰে ৭১ বছৰীয়া
ৰিচাৰ্ড ব্ৰেনচনে ১১জুলাইত মহাকাশ পৰ্য্যটন আৰম্ভ কৰিলে।এই যাত্ৰাত সংগী ভাৰতীয় মূলৰ এৰোনটিকেল অভিযন্তা চিৰিশা বান্দলা। অন্ধ্ৰ প্ৰদেশ জন্ম গ্ৰহণ কৰা পিছলৈ বিদেশত বসবাস কৰি আছে চিৰিশা বান্দলা। নিউ মেক্সিকোৰ মৰুভূমিৰ ওপৰেৰে ৮৯কিলোমিটাৰ কক্ষপথত প্ৰায় ৩-৪মিনিট ওজন শূণ্য হৈ পৃথিৱীৰ কাৰভেচাৰ প্ৰত্যক্ষ কৰি নিৰাপদে উভতি আহে।সোতৰ বছৰৰ কঠিন পৰিশ্ৰমৰ অন্তত সফলতা লাভ কৰি উৎসাহিত ৰিচাৰ্ড ব্ৰেনচন।জেফ বেজ’ছক পৰাভূত কৰি ব্যক্তিগত মহাকাশ যান উৰোৱা বিশ্বৰ প্ৰথম ব্যক্তি ৰিচাৰ্ড ব্ৰেনচন।
এই মহাকাশ যানৰ উৰণ ৫০০লোকে প্ৰত্যক্ষ কৰে। ইয়াৰ ভিতৰত ৰিচাৰ্ড ব্ৰেনচনৰ পত্নীসহ পৰিয়ালবৰ্গ অন্যতম।
ভাৰতীয় মূলৰ এৰোনটিকেল অভিযন্তা চিৰিশা হৈছে তৃতীয় ভাৰতীয় মহিলা। ইয়াৰ পূৰ্বে কল্পনা চাওলা আৰু সুনীতা উইলিয়ামছে মহাকাশ অভিযানত অংশ লৈছিল। মহাকাশলৈ যোৱা় উইং কমান্দাৰ ৰাকেশ শৰ্মা প্ৰথম ভাৰতীয় নাগৰিক। ইপিনে চন্দ্ৰত এপোলো অৱতৰণৰ ৫২ সংখ্যক বাৰ্ষিকীৰ দিনাই মহাকাশলৈ উৰিল ধনাঢ্য ব্যক্তি জেফ বেজছ। ব্লূ অৰিজিন কোম্পানীৰ স্বত্বাধিকাৰ জেফ বেজছৰ সৈতে প্ৰথম মহাকাশ যাত্ৰী নেদাৰলেণ্ডৰ ১৮বছৰীয়া যুৱক। অলিভাৰ ডামেন বিশ্বৰ প্ৰথম ধন আদায় দি মহাকাশলৈ যোৱা যাত্ৰী।
টিকটৰ মূল্য ঘোষণা কৰা নাই যদিও নিলামৰ জৰিয়তে সুযোগ লাভ কৰিছে অলিভাৰে। অলিভাৰৰ পিতৃ তথা ছোমাৰছেট কেপিটেল পাৰ্টনাৰছৰ প্ৰতিষ্ঠাতা,চিইঅ’ জোছ অলিভাৰে প্ৰকাশ কৰা মতে তেওঁ নিলামত আছিল কিন্তু নিশ্চিত হোৱা নাছিল। কিন্তু অৱশেষত ব্লু অৰিজিনে নাম ঘোষণা কৰিলে আৰু সপোন পূৰণ হ’ল। ২০জুলাইত নিউ টেক্ছাছৰ পৰা মহাকাশলৈ উৰি পৃথিৱীলৈ উভতি আহিল জেফ বেজ’ছ।

নিজা মহাকাশযান নিউ ছেফ’ৰ্ড ৰকেটেৰে পৃথিৱীৰ পৰা ১০৫ কিলোমিটাৰ কক্ষপথলৈ গৈ অৰ্থাৎ মাধ্যাকৰ্ষণিক শক্তিৰ বাহিৰত শূন্য ওজনত ৩মিনিট থাকি ধৰালৈ নামি আহিল বেজ’ছ।১০ মিনিট ২১ছেকেন্ড মহাকাশত কটালে জেফ বেজ’ছ। ১০৫কিলোমিটাৰ মহাকাশ যাত্ৰাত তিনি সহযোগী আছিল। এজন তেওঁৰ ভাতৃ,এজন টিকটলৈ মহাকাশলৈ যোৱা আৰূ আনজন ৱেলী ফাংক।
ফাংকে১৯৬০ চনত নাছাৰ মাৰ্কাৰী পৰীক্ষণত অংশ লৈছিল যদিও মহাকাশ যাত্ৰাৰ সপোন সফল হোৱা নাছিল।এইবেলি বিশ্বৰ সবাতোকৈ বয়োজোষ্ঠৰ ৰূপত অভিলেখ গঢ়িলে ৱেলী ফাংকে। ৮২বছৰীয়া ফাংক বিশ্বৰ সৰ্বাধিক বয়সীয়া আৰু ১৮ বছৰীয়া অলিভাৰ কনিষ্ঠতম। যাত্ৰাত ব্যৱহৃত মহাকাশ যানখনৰ ডিজাইনিঙৰ অন্যতম ভাৰতীয় মহিলা মহাৰাষ্ট্ৰৰ কল্যাণৰ সঞ্জল গাভান্দে।
৩০ বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ভাৰতীয় গাভান্দেই ব্লু অৰিজিনৰ নিউ ছেফাৰ্ড মহাকাশ যান ডিজাইনাৰ অন্যতম হোতা।অভিলাষী মহাকাশ পৰ্য্যটনৰ দুই অভিযানত দুই ভাৰতীয়ৰ বৰঙণি ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হ’ল। মহাকাশ পৰ্য্যটনত ৰিচাৰ্ড ব্ৰেনচন আৰু জেফ বেজছৰ নামৰ লগত জড়িত হৈ ৰল চিৰিশা বান্দলা আৰু সঞ্জল গাভান্দে।
উল্লেখযোগ্য যে মহাকাশ পৰ্য্যটনক লৈ জেফ বেজ’ফে এক বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ মতে ৰিচাৰ্ড ব্ৰেনচন ৮৯কিলোমিটাৰ উচ্চতালৈ গৈছে।সেয়া প্ৰকৃততে মহাকাশ নহয়। ১০০ কিলোমিটাৰৰ পৰাহে মহাকাশ। কিন্তু নাচাৰ মতে ৮০ কিলোমিটাৰৰ পৰাই মহাকাশ।বেজছৰ দাবী তেওঁ প্ৰথম মহাকাশ পৰ্য্যটক। বিতৰ্কৰ মাজতো এই কথা নিশ্চিত যে প্ৰথম মহাকাশ পৰ্যটক কিন্ত ৰিচাৰ্ড ব্ৰেনচনেই। এতিয়া ধনাঢ্য এলন মাস্কৰ কোম্পানী স্পেচএক্সৰ মহাকাশ পৰ্যটন অভিযানক লৈ বিশ্ববাসীৰ দৃষ্টিনিবদ্ধ।
লগতে পঢ়ক ভাৰতীয় কন্যাৰ শীৰত আন এক বিশ্বজয়ৰ মুকুট