নিউজ ডেস্কঃ আচম্বিতে যুদ্ধৰ মাজতে ইউক্রেইনত সোমবাৰে উপস্থিত হয় মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। বাইডেনে ইউক্রেইন ৰাষ্ট্ৰপতি ব্লাডিমিৰ জেলেনস্কি লগ ধৰি কয় যে, ৱাশ্বিংটনে কিয়েভলৈ আৰু অধিক অস্ত্ৰ প্ৰেৰণ কৰিব। ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থা, উন্নত প্রযুক্তিৰ ৰাডাৰ আদি শীঘ্ৰেই প্ৰেৰণ কৰা হ’ব বুলি মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে জনাই।  

লগতে বাইডেনে কয় যে, পুটিনে ইউক্রেইনক নিঃসংগ আৰু দুৰ্বল বুলি ভাবিছিল। এয়া তেওঁৰ মাৰাত্মক ভুল আছিল আৰু ইউক্রেইনলৈ অনাগত দিনত ৫০০ মিলিয়ন ডলাৰৰ সামৰিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰে।

ইফালে বাইডেনৰ ভ্ৰমণৰ বাবে ধন্যবাদ জনাই জেলেনস্কিয়ে কয়, ‘অহাৰ বাবে বহু বহু ধন্যবাদ ৰাষ্ট্ৰপতি।’

বাইডেনে নিজা টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি লিখে যে, “এবছৰৰ পিছত, কিয়েভ থিয় হৈছে। ইউক্ৰেইন থিয় হৈ আছে। গণতন্ত্ৰ থিয় হৈ আছে। আমেৰিকা – আৰু বিশ্ব – ইউক্ৰেইনৰ সৈতে আছে” ।

উল্লেখযোগ্য যে, যিহেতু যুদ্ধৰ বাবে কিয়েভলৈ বিমানৰ চলাচল বন্ধ থৈ দিয়া হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি বাইডেন পোলেণ্ড সীমান্তৰ পৰা প্ৰায় ১০ ঘণ্টা ৰে’লগাড়ীৰে যাত্ৰা কৰি কিয়েভত উপস্থিত হয় । পুৱাতে কিয়েভত তেওঁ জেলেনস্কিক সাক্ষাৎ কৰে। বাইডেনৰ এই যাত্ৰাৰ সময়ত সুৰক্ষা বাহিনীৰ সৈতে মাত্ৰ কেইজনমান সাংবাদিক আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply