নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনক এক প্ৰকাৰে হত্যা কৰাৰ আহ্বান জনাইছে আমেৰিকাৰ ছেনিটৰ লিণ্ডছে গ্ৰাহমে। গ্ৰাহমে বৃহস্পতিবাৰে সন্ধিয়া এক সাক্ষাৎকালত ইউক্ৰেইন-ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ পাছত ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰাৰ আহ্বান জনায়।

লগতে গ্ৰাহমে ফকাছ নিউজ টিভি নিউজ চেনেলটোৰ একংৰ সীন হেনিটীক কয় যে- যুদ্ধ কেনেকৈ অন্ত পৰিব। ৰাছিয়াৰ পৰা কোনো লোক আগুৱাই আহিব লাগিব… আৰু এইজন ব্যক্তিক বাহিৰ কৰিব লাগিব।

লিণ্ডছেয়ে ইয়াৰ বাবে ব্ৰুটছ আৰু কৰ্ণেল ষ্টফেনবৰ্গৰ নাম উল্লেখ কৰে। ব্ৰটছে ৰোমান জেনেৰেল জুলিয়ছ ছীজৰৰ হত্যা কৰিছিল। আৰু জাৰ্মানৰ সেনাৰ বিষয়া কৰ্ণেল ষ্টফেনবাৰ্গে ১৯৪৪চনত এডাল্ফ হিটলাৰৰ হত্যাৰ চেষ্টা কৰিছিল। লিণ্ডছে টুইটাৰতো লিখিছে যে- ‘ৰাছিয়াত ব্ৰুটছ আছেনে? আছেনে ৰাছিয়ান সেনা বাহিনীত কৰ্ণেল ষ্টফেনবাৰ্গ? এই যুদ্ধ অন্ত পেলোৱাৰ এটাই উপায় আছে। যদি এনে কৰা হয় তেন্তে দেশ আৰু বিশ্বৰ বাবে এক ডাঙৰ সেৱা হ’ব। অৱশ্যে কোৱা সহজ, কিন্তু কৰা কঠিন…।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,478 other subscribers

Leave a comment

Leave a Reply Cancel reply