নিউজ ডেস্কঃ ‘পাকিস্তান জিন্দাবাদ’ গান শুনা দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ বৰেলীত। এই যুৱক দুজনৰ বিৰুদ্ধে গাঁৱৰে আন এজন যুৱকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছিল।

তাৰপাছতে আৰক্ষীয়ে বৃহস্পতিবাৰে এই দুজন যুৱকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে আৰু শুকুৰবাৰে দুয়োকে গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ কৰা যুৱক দুজনৰ নাম ক্ৰমে নয়িম আৰু মুস্তকীম।

দুয়োৱে বৰেলী জিলাৰ ভূতা ক্ষেত্ৰত সিংঘাই মুৰাৱা গাঁৱত বাস কৰে। বৰেলীৰ এগৰাকী আৰক্ষী বিষয়া ৰাজকুমাৰ অগ্ৰৱালে কয় যে- গোচৰ লাভ কৰাৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল। গোচৰ ৰুজু কৰা যুৱকজনক এই অভিযুক্ত দুজনে প্ৰহাৰ কৰিছিল।

উল্লেখযোগ্য যে, গোচৰ ৰুজু কৰা যুৱকজনে এই যুৱকজনৰ এটা ভিডিঅ’ও টুইটাৰ আপলোড কৰিছিল। আৰু তাৰপাছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিঅ’টো। আইপিচিৰ ১৫৩ ধাৰাত আৰক্ষীয়ে এফআইআৰ দাখিল কৰিছে যুৱক দুজনৰ বিৰুদ্ধে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply