কৰ’ণাত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। টুইট যোগে কৰ’ণাত আক্রান্ত হোৱাৰ কথা প্ৰকাশ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। বর্তমান নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
কৰ’ণা মহামাৰীয়ে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে দেশজুৰি। ভাৰতত কৰ’ণাৰ দ্বিতীয়টো ঢৌ অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক।
এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। বুধবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ টুইটাৰ যোগে তেওঁ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ খবৰ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ যোগে জানিবলৈ দিয়ে যে তেওঁৰ শৰীৰত কভিডৰ লক্ষণ দেখা দিয়াত তেওঁ স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁ কভিডত আক্রান্ত হোৱা স্পষ্ট হয়।
কৰ’ণাত আক্রান্ত হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নিজ বাসগৃহতে কোৱাৰেণ্টাইন হৈ আছে। উল্লেখ্য যে কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এক ৰাজনৈতিক বৈঠকত মিলিত হৈছিল। উক্ত ৰাজনৈতিক বৈঠকত উপস্থিত থকা কেইবাগৰাকী নেতাৰ শৰীৰত কভিডৰ উপস্থিতি ধৰা পৰিছে।