নিউজ ডেস্ক : উত্তৰ-প্ৰদেশত পূৰ্ণগতিত বলিছে নিৰ্বাচনী বতাহ। অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ কাষ চপাত কোনো ৰাজনৈতিক এটা দল পিছপৰি থকা নাই।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজ্যখন ভ্ৰমণ কৰি ৯ খন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে। ইয়াৰ উপৰি তেওঁ বাৰণাসীৰ মেহেদীগঞ্জৰ এক অনুষ্ঠানত আত্মনিৰ্ভৰশীল স্বস্ত ভাৰত’ আঁচনিৰ শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানত প্ৰধান মন্ত্ৰীয়ে ৫১৮৯ কোটি টকাৰ ২৮ টা প্ৰকল্প ৰাজ্যবাসীৰ বাবে উৎসৰ্গা কৰি কয় যে এই প্ৰকল্প সমূহৰ ভিতৰত ১৫ টা প্ৰকল্পই চহৰৰ যাতায়তত সহায় কৰিব আৰু চহৰৰ যানজঁটৰ সমস্যা দূৰ কৰিব।

অনুষ্ঠানত কংগ্ৰেছক লক্ষ্য কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছৰ দীঘলীয়া সময়ছোৱাত দেশত যিসকলৰ দীৰ্ঘদিনীয়া চৰকাৰ আছিল তেওঁলোকে স্বাস্থ্যসেৱাৰ দৰে অত্যাৱশকীয় সুবিধাসমূহ গঢ়ি তোলাত গুৰুত্ব নিদিলে, যাৰ ফলত দেশ সামগ্ৰিক বিকাশৰ পৰা বঞ্চিত হৈ ৰ’ল।

আনহাতে, কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত দলটোৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনৰ নাগৰিকক যি কোনো ৰোগৰ বাবে ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

ৰাজ্যখনৰ ভোটাৰ ৰাইজক উদ্দেশ্যি তেওঁ কয়, ‘যদি ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হয় তেনে যি কোনো ৰোগৰ বাবে ১০ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰা হ’ব।’

আনহাতে তেওঁ টুইট কৰি কয় যে, সস্তীয়া আৰু ভাল চিকিৎসাৰ বাবে ইস্তাহাৰ সমিতিৰ সন্মতিত উত্তৰ প্ৰদেশ কংগ্ৰেছে সিদ্ধান্ত লৈছে যে যদি চৰকাৰ গঠন হয়, যিকোনো ৰোগৰ ক্ষেত্ৰত ১০ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা আনুষ্ঠানিক হ’ব।”

ইয়াৰ উপৰি কংগ্ৰেছে উত্তৰ প্ৰদেশৰ ২০ লাখ নিবনুৱাক চাকৰি প্ৰদান, বিদ্যুতৰ বিল ৫০ শতাংশ হ্ৰাস কৰা আৰু কোভিড-১৯ মহামাৰীৰ সময়ত বিত্তীয় সংকটৰ সন্মুখীন হোৱা পৰিয়ালসমূহক ২৫,০০০ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে।

দলটোৱে ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনত ৪০ শতাংশ টিকট মহিলা প্ৰাৰ্থীক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত জিলিকিল অসম; ‘ৰণুৱা’লৈ ৰজতকমল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply