নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰদাস মৌৰ্যৰ পুত্ৰ যোগেশ মৌৰ্যক সিৰাথু বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ ৪৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীয়ে সোমবাৰে এই লোক কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি সদৰি কৰিছে। আৰক্ষীয়ে সাংবাদিকৰ আগত এই সন্দৰ্ভত কয় যে- যোগেশ মৌৰ্যক সিৰাথু বিধানসভা সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাই থকা সময়তে প্ৰহাৰ কৰা হৈছিল। আৰু এই ঘটনাৰ ৪৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীয়ে জনাই যে- এজাহাৰ দাখিল কৰাৰ ভিতৰ ২৩ গৰাকী লোকক চিনাক্ত কৰা হৈছে যদিও বাকী ২৫ গৰাকী ব্যক্তিৰ পৰিচয় লাভ কৰা হোৱা নাই।

যোৱা ২৪ ফেব্ৰুৱাৰী, ২০২২ত উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত নাৰা গাঁৱৰ সমীপত পিতৃৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত যোগেশ মৌৰ্যৰ লগতে একাংশ লোকে মাৰপিট কৰাৰ লগতে কাঢ়ি নিছিল সোণৰ চেইন। এজাহাৰ দাখিল কৰাৰ পাছত এই লোক কেইজনক আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে। আৰু পৰ্যায়ক্ৰমে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply