নিউজ ডেস্কঃ বৰ্তমান দেশত নিৰ্বাচনৰ বতাহ বলি আছে। ৫খন ৰাজ্যৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ প্ৰাৰ্থীসকলৰ সৈতে ভাগ্য নিৰ্ণয় কৰাৰ বাবে ভোটাৰ ৰাইজো সাজু। ১৪ ফেব্ৰুৱাৰীত উত্তৰপ্ৰদেশৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হয়।

মুঠ ৭টা পৰ্যায়ত ৰাজ্যখনত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইফালে, শনিবাৰে উত্তৰপ্ৰদেশ চৰকাৰে কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা। শনিবাৰৰ নিশাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনৰ চৰকাৰে।

উল্লেখ্য যে, ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন কৰাৰ পাছত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হ’ব দেওবাৰৰ পুৱাৰ পৰা। অৱশ্যে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply