উত্তৰ প্ৰদেশ বিধানসভাৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। বিয়লী ৬ বজালৈকে চলিব ভোটগ্ৰহন।
ৰাজ্যখনৰ ৫৪খন আসনৰ বাবে হৈছে এই ভোটগ্ৰহন। মুঠ ৬১৩ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব উত্তৰ প্ৰদেশৰ জনতাই। এই আসন সমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰানসীও আছে।

ৰাজ্যখনৰ আজমগড়, জোনপুৰ, মাও, চন্দুলী, গাজিপুৰ,বাৰানসী, মীৰ্জাপুৰ আদি অঞ্চলত এই ভোটগ্ৰহন চলি আছে।
আজি ভোটদান হোৱা ৫৪ খন আসনৰ ভিতৰত ১১খন সংৰক্ষিত। মুঠ ২.০৬ কোটি ভোটাৰে ভোটদান কৰিব পাৰিব।

দিনৰ ১১ বজালৈকে ২১.৫৫ শতাংশ ভোটদান সম্পন্ন হৈছে। মাও অঞ্চলত ২৪.৭৪ শতাংশ , চন্দুলীত ২৩.৪৩ শতাংশ, মীৰ্জাপুৰত ২৩.৪১শতাংশ ভোটদান হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply